গোলাঘাটত বৃদ্ধি নহয় জিলা প্ৰশাসনে জাৰী কৰা লকডাউন । বৃহস্পতিবাৰে সম্পূৰ্ণ লকডাউনৰ তিনিটা দিন অন্ত পৰে । অসম চৰকাৰে বৃহস্পতিবাৰে জাৰি কৰা নতুন SOP অনুসৰি পুনৰ গোলাঘাটত মানিব লাগিব ক’ভিড নীতি । এই কথা জনালে জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই । 18 জুলাইৰ পৰা দৈনিক 20ৰ পৰা 25 হাজাৰ লোকক ভেকচিনেশ্বন কৰা হ'ব গোলাঘাট জিলাত । গোলাঘাটত ক’ভিডৰ হাৰ যোৱা দুটা দিনত বৃদ্ধি পালেও মুঠ সংক্ৰমণ কিছু কমিছে জিলাখনত ।