অসম

assam

ৰিং বান্ধক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ দুলীয়া গাঁওবাসীৰ

By

Published : Feb 5, 2022, 1:57 PM IST

জলসম্পদ বিভাগৰ হঠকাৰীতাৰ ফলত এতিয়া জীয়াতু ভূগিছে উত্তৰ-দক্ষিণ দুলীয়া গাঁওবাসীয়ে ৷ জলসম্পদ বিভাগ(Water Resource Department) তথা যোৰহাট সংমণ্ডলৰ একাংশ বিষয়া,কৰ্মচাৰীৰ হঠকাৰীতাৰ ফলত বিগত চাৰি বছৰ ধৰি টীয়ক সমষ্টিৰ অন্তৰ্গত উত্তৰ-দক্ষিণ দুলীয়া গাঁৱৰ ৰাইজে দুৰ্ভোগ ভূগি আহিছে(Teok broken Ringbandh) ৷ টীয়ক নদী খননৰ নামত কোটি কোটি টকাৰ আঁচনি গ্ৰহণ কৰা হৈছিল যদিও খনন কাৰ্য অসম্পূৰ্ণ কৰি আঁচনিৰ সমূদায় ধন মুকলি কৰাৰ অভিযোগ উত্থাপন উঠিছে । বিপৰীতে নদীখনৰ টীয়কৰ ৰাষ্ট্ৰীয় ঘাই পথৰ দলংৰ পৰা দুইনৈ মুখলৈ প্ৰায় চাৰি পাঁচ কিলোমিটাৰ অংশ খনন কাৰ্য নচলোৱাত উক্ত অংশত নদীখনৰ বুকু বাম হোৱাৰ উপৰিও অতি ঠেক হৈ পৰাত বাৰিষা কালত নদীখনৰ বাঢ়নী পানীয়ে উত্তৰ-দক্ষিণ দুলীয়া গাঁৱৰ সমীপত প্ৰতি বছৰে ৰিং বান্ধটো ছিগি পেলায় । যাৰ ফলত স্থানীয় ৰাইজে ছিগা ৰিং বান্ধটো মেৰামতিৰ চেষ্টা কৰে যদিও(Ringband repairing by villagers) বৰ্তমানলৈকে কোনো সুফল লাভ কৰা নাই ৷ সেয়ে অতিশীঘ্ৰে বিভাগীয় কতৃপক্ষক বাৰিষাৰ পূৰ্বে উক্ত বান্ধটো মেৰামতি কৰি দিবলৈ আহ্বান জনাই স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details