অসম

assam

ETV Bharat / videos

Lot Mandal in land scam: কলগাছিয়াত লাট-মণ্ডলৰ বৃহৎ ভূমি কেলেংকাৰীৰ অভিযোগ - Lat Mandal land scam alleged in Kalgaasia

By

Published : Feb 3, 2022, 10:50 PM IST

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কলগাছিয়া গাঁৱত এজন লাট-মণ্ডলৰ বিৰুদ্ধে উত্থাপিত হৈছে ভূমি কেলেংকাৰীৰ অভিযোগ (Lat Mandal land scam alleged in Kalgaasia) । প্ৰাপ্ত অভিযোগ মতে, হাউলী আৰক্ষী থানাৰ অন্তৰ্গত কুমুল্লীপাৰা গাঁৱৰ জয়নাল আব্দিনৰ পত্নী হাওৱা বেগমৰ নামত কলগাছিয়া গাঁৱৰ 9 নং খেৰাজি ম্যাদি পট্টাৰ 155, 156 আৰু 157 নং দাগত 1 বিঘা 1 কঠা 5 লেচা মাটি আছিল । ইয়াৰে 1 বিঘা 5 লেচা মাটি 2013 চনত কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ গাঁৱৰ আব্দুছ ছোবাহান মণ্ডলৰ পুত্ৰ তথা লাট-মণ্ডল আব্দুল আজিজ মণ্ডলৰ ওচৰত বিক্ৰী কৰে ৷ পিছে আব্দুল আজিজ মণ্ডলে জালিয়াতিৰে 20 বিঘা মাটি নিজৰ নামত নামজাৰি কৰি লয় ৷ ইতিমধ্যে ভূক্তভোগী হাওৱা বেগমে নামজাৰি কৰ্তন কৰাৰ বাবে বৰপেটা জিলাৰ উপায়ুক্ত, কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ ওচৰত আবেদন কৰাৰ লগতে ন্যায় বিচাৰি কলগাছিয়া আৰক্ষী থানাত আব্দুল আজিজ মণ্ডলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

...view details