অসম

assam

By

Published : Feb 5, 2020, 7:59 PM IST

ETV Bharat / videos

এজাক মানুহ, এখন চিটা আৰু একুৰা জুইক সাক্ষী কৰি পঞ্চভূতত বিলীন হ'ল প্ৰণৱ গগৈ !

মৃত্যুটো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কাৰ্য ৷ এজাক মানুহ আৰু এখন চিটা আৰু একুৰা জুইক সাক্ষী কৰি পঞ্চভূতত বিলীন হ'ল প্ৰণৱ গগৈ ৷ অশ্ৰু-অঞ্জলিৰে প্ৰিয় নেতাগৰাকীক বিদায় জনালে শিৱসাগৰ সমষ্টিবাসীৰ লগতে অগণন গুণমুগ্ধই ৷ চাৰিটা দশকজুৰি অভিভাৱকৰ দৰে শিৱসাগৰ সমষ্টিবাসীৰ প্ৰতিটো অভাৱ-অভিযোগ গ্ৰহণ কৰিছিল অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা বিধায়ক প্ৰণৱ গগৈয়ে ৷ আজিৰে পৰা যেন শূন্য হৈ ৰ'ল এইসকল লোকৰ অভিভাৱকৰ আসনখন ৷ 36 জাঁই বন্দুকৰ গুলি ফুটাই সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শিৱসাগৰৰ হাঁহচৰা যাঠিপটীয়া গাঁৱত অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় প্ৰণৱ গগৈৰ ৷ অন্তেষ্টিক্ৰিয়া অনুষ্ঠানত উপস্থিতি থাকে ৰকিবুল হুছেইন,ৰূপজ্যোতি কুৰ্মী,সুশান্ত বৰগোহাঁই,বিস্মিতা গগৈ, প্ৰদীপ হাজৰিকাৰ লগতে অগণন গুণমুগ্ধ ৷ শিৱসাগৰ জিলা উপায়ুক্ত এম এছ লক্ষ্মী প্ৰিয়াও উপস্থিত থাকে প্ৰয়াত প্ৰণৱ গগৈৰ পিতৃৰ বাসগৃহত ৷ অশ্ৰুসিক্ত নয়নেৰে সকলোৱে শেষ বিদায় জনালে প্ৰণৱ গগৈক ৷

ABOUT THE AUTHOR

...view details