মৰিয়নীত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ - সান্ধ্য আইন
সান্ধ্য আইন আৰু আন্তঃজিলা (inter dirstrict) যাতায়ত বন্ধ হৈ থকাৰ পাছতো মৰিয়নীলৈ সৰবৰাহ হৈ আছে অবৈধ বিলাতী সুৰাৰ ৷ শেহতীয়াকৈ দুৰ্ঘটনাগ্ৰস্ত গাড়ীৰ পৰা উদ্ধাৰ হৈছে বহু বিলাতী সুৰা । সান্ধ্য আইন আৰু আন্তঃজিলা যাতায়ত বন্ধ হৈ থকাৰ পাছতো বৰ্হি জিলা পৰা নিতৌ মৰিয়নীলৈ (mariani) বিলাতী সুৰা সৰবৰাহ হৈ থকাৰ অভিযোগ উত্থাপন হৈছে । শনিবাৰে হোৱা এক দুৰ্ঘটনাই তাৰে প্ৰমাণ দিলে । জানিব পৰা মতে, AS03- W-6834 নামৰ এখন বাহন আমগুৰি (amguri) দিশৰ পৰা মৰিয়নি অভিমুখে আহি থকা অৱস্থাত হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ সমীপত দুৰ্ঘটনাত পতিত হয় । লগেলগে মৰিয়নী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও চালকজন তাৰ পূৰ্বে পলায়ন কৰে । আৰক্ষীয়ে বাহন খন তালাচি কৰাত বাহনখনৰ ভিতৰত প্ৰায় 30 কাৰ্টুনৰো অধিক বিলাতী সুৰা প্ৰত্যক্ষ কৰে । তাৰে বহু সুৰা ইতিমধ্যে পথচাৰীয়ে লৈ যোৱা বুলি জানিব দিয়ে মৰিয়নী আৰক্ষী বিষয়া জনে । পৰৱৰ্তী সময়ত মৰিয়নী আৰক্ষীয়ে জব্দ কৰা বিলাতী সুৰা সমূহ মৰিয়নী আবকাৰী বিভাগক চমজাই দিয়ে। সম্প্ৰতি সমগ্ৰ ঘটনাৰ সৰ্ন্দভত মৰিয়নী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷