বুঢ়াপাহাৰত ভয়াৱহ ভূমিস্খলন - কলিয়াবৰত ভূমিস্খলন
কলিয়াবৰৰ বুঢ়াপাহাৰত বুধবাৰে পুৱতি নিশা সংঘটিত হৈছে ভয়াৱহ ভূমিস্খলন(landslide) ৷ নেৰানেপেৰা বৰষুণৰ ফলত বুঢ়াপাহাৰৰ পৰা প্ৰকাণ্ড শিল বাগৰি পৰে ৷ ফলত বন্ধ হৈ পৰে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ ইয়াৰ লগে লগে আৱদ্ধ হৈ পৰে শতাধিক যান-বাহন ৷ অৱশ্যে কোনো লোকৰ ক্ষয়-ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে ৷ ভূমিস্খলনৰ ফলত যান-জঁটৰ সৃষ্টি হৈছিল যদিও লোক নিৰ্মাণ বিভাগৰ(PWD) তৎপৰতাত সীমিতভাৱে যান-বাহন মুকলি কৰি দিয়া হয় । সম্পূৰ্ণ পথচোৱা মুকলি কৰিবৰ বাবে ইতিমধ্যে পথৰ পৰা প্ৰকাণ্ড শিল আঁতৰোৱাত ব্যস্ত হৈ পৰিছে লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰীসকল । পূৰ্বতেও এই স্থানতে কেইবাবাৰো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল ।