অসম

assam

ETV Bharat / videos

লাম্পী মহামাৰীয়ে বিধ্বস্ত কৰিছে ৰাজ্যৰ পশুপালক সকলক - লাম্পী মহামাৰী

By

Published : Aug 27, 2020, 5:41 PM IST

কৰ'ণাৰ আতংক আৰু বানৰ তাণ্ডৱৰ পাচত এইবাৰ আন এক সমস্যাৰ সন্মুখীন হৈছে ৰাজ্যৰ পশুপালক সকল ৷ অচিন ৰোগত আক্ৰান্ত হৈছে ৰাজ্যৰ ভিন্ন পোহনীয়া জীৱ-জন্তু ৷ শিৱসাগৰ জিলাৰ দিখৌমুখত পোহনীয়া ম'হৰ মৃত্যুক কেন্দ্ৰ কৰি এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পশুপালক সকলৰ মাজত ৷ তাৰ সমান্তৰালকৈ আকৌ ৰাজ্যৰ ভিন্ন প্ৰান্তত গা কৰি উঠিছে আন এক মহামাৰীয়ে ৷ যি মহামাৰীৰ ফলত বিশেষকলৈ প্ৰভাৱিত হৈছে গো-ধন ৷ লাম্পী স্কীণ ডিজিছ নামৰ এক মহামাৰীত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যু মুখত পৰিছে বহু গৰু ৷ নলবাৰী জিলাতো এই ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে গো-ধন ৷ যাক লৈ সম্প্ৰতি শংকিত হৈ পৰিছে পশুপালক সকল ৷ এই মহামাৰীৰ ফলত গৰুৰ গাত ফোহা সদৃশ টেমুনাৰ সৃষ্টি হৈ সেই টেমুনা ফাটি যেতিয়া ঘা লাগে, তেতিয়া গৰুবোৰ অত্যন্ত দুৰ্বল হৈ পৰে বুলি উল্লেখ কৰিছে পশুপালক সকলে ৷ বৰ্তমানলৈ এই মহামাৰীৰ কোনো ধৰণৰ প্ৰতিষেধক ওলোৱা নাই বুলিও জানিব পৰা গৈছে ৷ শংকিত পশুপালক সকলে সম্প্ৰতি এই ক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষক ৷

ABOUT THE AUTHOR

...view details