লালিলাঙৰ সুৰত প্ৰাণ পাই উঠিল মৰিগাঁৱৰ কাহিবাৰীৰ বিহুতলী - সমূহীয়া মৎস্য চিকাৰ
মৰিগাঁও, 11 মে': শুকুৰবাৰে লালিলাঙৰ সুৰত প্ৰাণ পাই উঠিল মৰিগাঁৱৰ মাছখোৱা কাহিবাৰীৰ বিহুতলী ৷ বিহুতলীত শিল্পীসকলে পৰিৱেশন কৰে তিৱা জনগোষ্ঠীৰ লালিলাং নৃত্য-গীত ৷ বিশ্বাস অনুসৰি ঐতিহাসিক ডিমৰীয়া ৰাজ্যৰ ৰজাক সমূহীয়া মৎস্য চিকাৰৰ সময়ত গাঁৱৰ লোকসকলে লালিলাং গীত পৰিৱেশন কৰি আদৰি আনিছিল ৷