অসম

assam

ETV Bharat / videos

48 ছেকেণ্ডত 48 খন দেশৰ ৰাজধানীৰ নাম কৈ উজলিল অভয়াপুৰীৰ কৃষ্টি শিখা - India Book of Records honours Kristi Shikha Adhikari

By

Published : Jan 16, 2022, 12:20 PM IST

চেষ্টাৰ অসাধ্য একো নাই ৷ ইয়াকে যেন প্ৰমাণ কৰি দেখুৱাইছে অভয়াপুৰৰ এগৰাকী কণমানিয়ে ৷ নিজৰ প্ৰতিভাৰে India book of records ত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে অভয়াপুৰীৰ কণমানিগৰাকীয়ে ৷ 48 ছেকেণ্ডত এছিয়া মহাদেশৰ প্ৰায় 48 খন দেশৰ ৰাজধানীৰ নাম কৈ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ’ল কৃষ্টি শিখা অধিকাৰীয়ে ৷ শনিবাৰে কৃষ্টি শিখাক ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষই প্ৰদান কৰে এই সন্মান (India Book of Records honours Kristi Shikha Adhikari) ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ নিৱাসী পাৰ্থ অধিকাৰী আৰু ড৹ বন্দনা কলিতাৰ কন্যা কৃষ্টি শিখা অধিকাৰীয়ে এই প্ৰতিভাৰে আঁজুৰি অনা বিৰল সন্মানকলৈ জিলাবাসীয়ে গৌৰৱবোধ কৰিছে ।

ABOUT THE AUTHOR

...view details