অসম

assam

ভূমি পট্টা প্ৰদানৰ দাবীত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ প্ৰতিবাদ

By

Published : Sep 8, 2021, 12:47 PM IST

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মঙলবাৰে পূৱ বিলাসীপাৰাৰ চাপৰত চাপৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে । কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যই এই সময়ছোৱাত চৰকাৰ বিৰোধী শ্ন’গানেৰে চৌদিশ উত্তাল কৰি তোলে ৷ তেওঁলোকে উচ্ছেদ বন্ধ কৰা আৰু ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদানৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন ঠাইত ইতিমধ্যে বন বিভাগৰ ফালৰ পৰা কৰা উচ্ছেদৰ লগতে জাননী প্ৰেৰণ কৰা কাৰ্যক তীব্ৰ ভাষাৰে বিৰোধীতা কৰে ।

ABOUT THE AUTHOR

...view details