অসম

assam

ETV Bharat / videos

খাদ্যৰ লালসাঃ বিষাক্ত ৰজা ফেঁটী হত্যা অৰুণাচলত

By

Published : Apr 21, 2020, 8:52 PM IST

Updated : Apr 21, 2020, 9:42 PM IST

নিউজ ডেস্ক,21 এপ্ৰিলঃ অলপতে ছ'চিয়েল মিডিয়াত ভাইৰেল হ'ল এটা ভিডিঅ'। ভিডিঅ'টো হ'ল অৰুণাচলৰ চেপা’ৰ। য'ত কেইজনমান অৰুণাচলৰ নিচি সম্প্ৰদায়ৰ লোকে জংঘলৰ পৰা ধৰি আনিছে এটা প্ৰকাণ্ড দুষ্প্ৰাপ্য কিং কবৰা অৰ্থাৎ ৰজা ফেঁটী সাঁপ। দুষ্প্ৰাপ্য প্ৰজাতিৰ এই কিং কবৰাটোৰ আকাৰ যথেষ্ট ডাঙৰ। এই অঞ্চলটোৰ কেইজন মান লোকে ভক্ষণ কৰিবলৈ অনা দৃশ্য ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে এতিয়া বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।আনহাতে নিজৰ পেটৰ ভোক গুচাবলৈ তেওঁলোকে জংঘলৰ পৰা এই প্ৰকাণ্ড সাপটো ধৰি অনাৰ কথা বাৰে বাৰে ব্যক্ত কৰিছে। তীব্ৰ খাদ্য সংকটৰ ফলত নে লোভৰ বাবে দুষ্প্ৰাপ্য প্ৰজাতিৰ এই ফেঁটী সাপটো জংঘলৰ পৰা ধৰি খাবলৈ আনিছে সেয়া জানিব পৰা হোৱা নাই। বৰ্তমানেও ৰাজ্যখনত কৰ'ণা আক্ৰান্ত ব্যক্তিৰ সংখ্যা শূন্য তাৰ পিছতো চৰকাৰে সাধাৰণ জনতাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক ।
Last Updated : Apr 21, 2020, 9:42 PM IST

ABOUT THE AUTHOR

...view details