অসম

assam

ETV Bharat / videos

শিৱসাগৰ জিলাৰ ক’ভিড পৰিস্থিতি পৰ্যৱেক্ষণ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ - Keshab mahanta

By

Published : May 28, 2021, 9:56 PM IST

শিৱসাগৰৰ উপায়ুক্ত কাৰ্যালয়ত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতত গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন ৷ মন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে সাংসদ তপন কুমাৰ গগৈ, নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া ৷ শিৱসাগৰৰ চৰকাৰী চিকিৎসালয় সমূহত দুদিনৰ ভিতৰত ৮০ খন বিছনা বৃদ্ধি কৰাৰ লগতে অহা ২০ দিনৰ ভিতৰত ২৪ খন আই চি ইউ বেদ বৃদ্ধিৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি কয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ৷ হোম আইচ’লেশ্যনত থকা ক’ভিড আক্ৰান্ত সকলৰ খবৰ প্ৰতিদিনে লোৱাৰ নিদেৰ্শ প্ৰদান কৰে প্ৰশাসন, স্বাস্থ্য কৰ্মীক ৷ ইপিনে ৰাজ্যত অক্সিজেনৰ নাটনি নাই হোৱা বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ শেহতীয়াকৈ সোণাৰিত চিকিৎসকৰ হেমাহিত লিছু গুটি খাই শিশুৰ মৃত্যু হোৱা ঘটনাৰো কাৰ দুখত এনে হ’ব পালে আৰু ভৱিষতে যে, এনে ঘটনা নহয় তাৰ বিৰুদ্ধে নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে।

ABOUT THE AUTHOR

...view details