বানত প্লাৱিত কাজিৰঙা, ৰাজপথত আশ্ৰয় লৈছে এশিঙিয়া গঁড়ে - এশিঙিয়া গঁড়
সমগ্ৰ ৰাজ্যৰ লগতে প্ৰতিবছৰৰ দৰে এইবাৰো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বানৰ কবলত পৰিছে ৷ ফলত ৰাষ্ট্ৰীয় উদ্যানখনৰ জীৱ-জন্তুৱে আশ্ৰয় বিচাৰি ঢাপলি মেলিছে ওখ ঠাইলৈ । তেনে সময়তে কাজিৰঙাৰ 37 নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত শুই থকা অৱস্থাত দেখিবলৈ পোৱা গৈছে এটা এশিঙীয়া গঁড় ৷ সম্প্ৰতি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়া-কৰ্মচাৰী আৰু আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাই পথৰ দুয়োপাৰে গড়ঁটোক পহৰা দি আছে ৷ সাৰ পোৱাৰ পিছতেই গঁড়টোক পুনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ফালে ঘূৰাই পঠিওৱা সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ।