কাতি বিহু উপলক্ষে গোলাঘাটত মাছ ধৰা পৰ্ব
কাতি বিহু উপলক্ষে গোলাঘাটৰ খকন্দগুৰিৰ কাৱৈমাৰী বিলত মাছ ধৰাত ব্যস্ত হৈ পৰিছে শ শ লোক ৷ বিহুৰ দিনটোত সুস্বাদু মাছৰ সোৱাদ ল'বলৈ পুৱাৰে বিলখনত দেখা গ'ল গ্ৰহকৰ ভিৰ ৷ আনন্দ-স্ফূৰ্তিৰ মাজেৰে মাছ ধৰা দৃশ্য় চাবলৈও বহুলোকৰ আগমণ ৷ ৰৌ, বাহু, চেনীপুঠি, গ্ৰাছকাপকে ধৰি শ শ কেজি মাছ ক্ৰয় কৰিছে অঞ্চলটোৰ বিভিন্ন গাঁৱৰ ৰাইজে ৷ উল্লেখ্য যে, বিধায়ক মৃনাল শইকীয়াৰ তত্ত্বাবধানত উক্ত বিলখনত মীন পালনৰ ব্যৱস্থা কৰা হৈছে ৷ এইবাৰ প্ৰথমবাৰলৈ গাঁওখনৰ মুঠ 23 টা পৰিয়ালে সমূহীয়াকৈ মাছ ধৰি কাতি বিহুৰ দিনা অনন্যভাৱে আনন্দ-স্ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে ৷