অসম

assam

ETV Bharat / videos

প্ৰয়াত বিধায়ক ৰাজেন বৰঠাকুৰৰ সোঁৱৰণত কৰ্ণ-পৰ্ব ভাওনা প্ৰদৰ্শন - হলেশ্বৰ উত্তৰ আঞ্চলিক সংঘ

🎬 Watch Now: Feature Video

By

Published : Nov 8, 2021, 4:06 PM IST

পোন প্ৰথমবাৰৰ বাবে তেজপুৰ-ৰঙাপৰা বিধানসভা সমষ্টিৰ বিধায়ক, সাংস্কৃতিক কৰ্মী, বিশিষ্ট অভিনতা প্ৰয়াত ৰাজেন বৰঠাকুৰ অবিহনে হলেশ্বৰ উত্তৰ আঞ্চলিক সংঘৰ দ্বাৰা অনুষ্ঠিত হল 'কৰ্ণ পৰ্ব' ভাওনা । বৰপুখুৰীপাৰ গাঁৱত থকা ঐতিহাসিক ব্ৰহ্মা ও গণেশ নামঘৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আঞ্চলিক ভিত্তিক কৰ্ণ পৰ্ব ভাওনাখনিৰ দেওবাৰে সফল সামৰণি পৰে । হলেশ্বৰ উত্তৰ আঞ্চলিক সংঘৰ সভাপতি প্ৰয়াত ৰাজেন বৰঠাকুৰ, প্ৰাক্তন সভাপতি ৰবিৰাম দাস, প্ৰাক্তন সভাপতি কৰুণা তালুকদাৰ আৰু সংঘৰ উপদেষ্টা তথা অৱসৰ প্ৰাপ্ত শিক্ষক দেৱেন শইকীয়াৰ পৱিত্ৰ সোঁৱৰণত আঞ্চলিক ভিত্তিত ভাওনাখনি অনুষ্ঠিত হৈ যায় ।

ABOUT THE AUTHOR

...view details