আমিনগাঁৱত কামৰূপ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী - খিলঞ্জীয়াৰ ভূমি সুনিশ্চিত কৰা
কামৰূপ জিলা ছাত্ৰ সন্থাই সোমবাৰে আমিনগাঁৱত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ জিলাখনৰ জলাশয়-বিলৰ ভূমি বণিক গোষ্ঠীক দিয়াৰ বিৰুদ্ধে সাব্যস্ত এই প্ৰতিবাদ ৷ প্ৰতিবাদকাৰীসকলে কামৰূপ(গ্ৰাম্য) জিলাৰ শ শ বিঘা ভূমি বণিক গোষ্ঠীক প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি চৰকাৰক খিলঞ্জীয়াৰ ভূমি সুনিশ্চিত কৰাৰ দাবী জনায় ৷ প্ৰতিবাদকাৰীসকলে হাড়গিলাৰ বিচৰণভূমি ঐতিহ্যমণ্ডিত দীঘলবিলৰো চৰকাৰী ভূমি বণিয়াক আৱণ্টন দিয়াক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ তেওঁলোকে উপায়ুক্ত তথা চৰকাৰে শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে ।