অসম

assam

ETV Bharat / videos

৩৬ বছৰ সেৱা আগবঢ়াই কংগ্ৰেছ এৰিলে কল্যাণ গগৈয়ে - শিৱসাগৰ সমষ্টি

By

Published : Mar 9, 2021, 12:12 PM IST

"টিকট পালে দেশ সলাই দিম, টিকট নাপালে দল সলাই দিম" । অসমৰ ৰাজনীতিত যেন এতিয়া এই বাক্যশাৰীয়েই সৰোগত কৰি লৈছে প্ৰতিটো দলৰে নেতাসকলে । টিকট নাপাই দল ত্যাগ কৰা বা দল সলনি কৰা নেতাৰ তালিকাখন দীঘলীয়া হৈ গৈয়েই আছে । শেহতীয়াকৈ আজি এই তালিকাত সন্নিবিষ্ট হ'ল আৰু এজন জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ নাম ।অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক, জ্যেষ্ঠ নেতা কল্যাণ গগৈয়ে আজি ত্যাগ কৰিলে কংগ্ৰেছ দল । ইতিমধ্যে দলৰ সভাপতি ৰিপুণ বৰালৈ তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে । ১৯৮৫ চনতে যুৱ কংগ্ৰেছৰ নেতৃত্ব গ্ৰহণ কৰিছিল কংগ্ৰেছ নেতা কল্যাণ গগৈয়ে । তেতিয়াৰে পৰা বৰ্তমানলৈকে সুদীৰ্ঘ ৩৬ বছৰ কংগ্ৰেছ দলৰ প্ৰতি সেৱা আগবঢ়াই আহিছিল ।2021ৰ বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থিত্বৰ বাবেও তেওঁ আছিল সবল দাবীদাৰ । কিন্তু অৱশেষত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই কল্যাণ গগৈক দলীয় প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে । যাৰ বাবে আজি কংগ্ৰেছক বিদায় জনাই নিজৰ পথ ললে কল্যাণ গগৈয়ে ।

ABOUT THE AUTHOR

...view details