অসম

assam

By

Published : Sep 29, 2021, 2:22 PM IST

ETV Bharat / videos

কলগাছিয়াৰ গুণিয়ালগুৰিৰ পত্নীহন্তা স্বামীক গ্ৰেপ্তাৰ

কলগাছিয়াৰ গুণিয়ালগুৰিৰ নাৰকীয় হত্যাকাণ্ডৰ অভিযুক্ত হত্যাকাৰীক বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত গুনিয়ালগুৰি গাঁৱত ২১ ছেপ্টেম্বৰত কুৰিদিনীয়া এটি পুত্ৰ সন্তানৰ মাতৃক হত্যা কৰি পলাই আছিল স্বামী আয়ুব মামুন । কলগাছিয়া আৰক্ষীয়ে সোমবাৰে অভিযান চলাই হত্যাকাৰী স্বামী আয়ুব মামুনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে । ইফালে হত্যাকাৰীৰ কঠোৰ শাস্তিৰ দাবীত কাতৰ আহ্বান জনায় আত্মীয়ই । উল্লেখ্য যে, বালাৰভিটা গাঁৱৰ আফাজউদ্দিনৰ কন্যা আজমিনা খাতুন ওৰফে ময়না(১৯)ৰ দুবছৰ পূৰ্বে গুনিয়ালগুৰি গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল ওৱাহেদৰ পুত্ৰ আয়ুব মামুন ওৰফে মুন(২৪)ৰ লগত বিয়া হৈছিল । বিয়াৰ পিছৰে পৰাই স্বামী আয়ুব মামুনে অন্য এগৰাকী যুৱতীৰ লগত অবৈধ সম্পৰ্ক আছিল ৷ এই ঘটনাক কেন্দ্ৰ কৰি পতি-পত্নীৰ মাজত অশান্তিৰ সৃষ্টি হৈছিল আৰু স্বামী আয়ুব মামুনে পত্নী আজমিনাৰ ওপৰত অত্যাচাৰ চলাই আহিছিল আৰু অৱশেষত হত্যা কৰিছিল । ইমান দিনে হত্যাকাৰী স্বামী আয়ুব মামুনে পলাই ফুৰিছিল যদি বুধবাৰে কলগাছিয়া আৰক্ষীয়ে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে ।

ABOUT THE AUTHOR

...view details