অসম

assam

ETV Bharat / videos

কাব্যঋষি নীলমণি ফুকনক জ্ঞানপীঠ বঁটা প্ৰদানক লৈ উৎফুল্লিত লেখিকা জুৰি বৰা বৰগোহাঞি - Juri Borah Borgohain

By

Published : Dec 10, 2021, 12:56 PM IST

অসমীয়া ভাষাৰ যোগ্যতাক লৈ আৰু নিশ্চয়কৈ প্ৰশ্ন উত্থাপন নহয় ৷ ভাষাটোৰ গুৰুত্ব কিমান ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি ৰোৱা পাছত সেয়া সকলোৰে বাবে সহজেই অনুমেয় ৷ শেহতীয়াকৈ, অসমৰ কাব্যঋষি নীলমণি ফুকনক ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান "জ্ঞানপীঠ বঁটা"ৰে বিভূষিত কৰাৰ পিছত(Jananpith award to Nilmoni Phookan) উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ ভাষা-সাহিত্যৰ অনুৰাগীসকল ৷ বিশিষ্ট সাহিত্যিক তথা অসমীয়া লেখিকা জুৰী বৰা বৰগোহাঞিয়ে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে, কাব্যঋষিয়ে জ্ঞানপীঠ বঁটা অৰ্জন কৰা পাছতে অসমীয়া ভাষাটো বিশ্ব দৰবৰাত প্ৰতিষ্ঠা হ’ল ৷ "সূৰ্য হেনো নামি আহে এই নদীয়েদি", "গোলাপী জামুৰ লগ্ন", "নিৰ্জনতাৰ শব্দ" আদি অনেক কালজয়ী সৃষ্টি সম্ভাৰেৰে অসমীয়া সাহিত্যৰ ভঁৰালটো সমৃদ্ধ কৰা কাব্যঋষি নীলমণি ফুকনক 7 ডিচেম্বৰত ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান "জ্ঞানপীঠ বঁটা"ৰে বিভূষিত কৰা হয় ৷ এনে এটা গুৰুত্বপূৰ্ণ সময় য’ত অসমীয়া ভাষাটো গুৰুত্বহীন বুলি এচামে অপপ্ৰচাৰ চলাই আছিল এই সময়খিনিত এই বঁটা প্ৰাপ্তিয়ে ভাষাটোৰ গুৰুত্ব কিমান তাকেই প্ৰতিপন্ন কৰিলে বুলি মন্তব্য কৰিলে জুৰী বৰা বৰগোহাঞিয়ে (Juri bora borgohain reacts on jnanpith award) ৷

ABOUT THE AUTHOR

...view details