অসম

assam

By

Published : Nov 8, 2021, 7:06 PM IST

ETV Bharat / videos

বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতেই গোলাপাৰাত সাংবাদিকক আক্ৰমণ

বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতেই বঙাইগাঁৱৰ গোলাপাৰাত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হ'ল দুগৰাকী সংবাদিক ৷ মফিদুল ইছলাম আৰু ইমদাদুল হক নামৰ সাংবাদিক দুজনক গোলাপাৰাত আগচি ধৰি তেওঁলোকৰ কেমেৰা ভঙাৰ লগতে শাৰীৰিকভাৱে আক্ৰমণ কৰে আচিনাক্ত দুৰ্বৃত্তই ৷ এই ঘটনাত নাম সাঙুৰ খাই পৰিছে গুলেনুৰ হুছেইন, ৰহিজ উদ্দিন আৰু মহম্মদ আলী সহ কেইবাজনো লোকৰ ৷ এই লোক কেইজনক কিছুদিন পূৰ্বে চাউলৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত থকাৰ অপৰাধত আটক কৰিছিল আৰক্ষীয়ে ৷ ভুক্তভোগী সাংবাদিক কেইজনে কোকিলা আৰক্ষী চকীত ঘটনা সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ ৷

ABOUT THE AUTHOR

...view details