অসম

assam

By

Published : Oct 6, 2021, 8:27 AM IST

Updated : Oct 6, 2021, 8:46 AM IST

ETV Bharat / videos

জ্যোতিষীৰ দৃষ্টিৰে কেনে হ’ব শাৰদীয় দূৰ্গা পুজা !

আজি মহালয়া । জন বিশ্বাস অনুসৰি মহালয়াৰ দিনাই ধৰালৈ দেৱী দুৰ্গাৰ আগমন হয় ৷ সেই উপলক্ষে যোৰহাটতো সান্ধ্য আইনৰ সময় সমাপ্ত হোৱাৰ পিছতে পুৱাই ওলাই আহিছে ভক্তপ্ৰাণ ৰাইজ ৷ মহালয়াৰ দিনটোত দেৱীৰ সংস্পৰ্শ লাভ কৰিলে সকলো অপায়-অমংগলৰ পৰা পৰিত্ৰাণ পোৱা বুলি বিশ্বাস কৰা হয় ৷ সাধাৰণৰ ৰাইজৰ বাবে মহালয়া দুৰ্গাপূজাৰ আৰম্ভণি হ’লেও জ্যোতিষ শাস্ত্ৰত ইয়াৰ আছে অন্য তাৎপৰ্য ৷ দেৱী দুর্গাৰ আগমণ আৰু গমন ওপৰত ভিত্তি কৰিয়েই হিন্দু ধর্মৰ লোকসকলে বিশ্বাস কৰি আহিছে দেশৰ পৰৱৰ্তী কাল।জ্যোতিষীৰ দৃষ্টিৰে এইবাৰ দেৱীৰ আগমণ আৰু গমনে কি সুচাইছে ? আজি মহালয়া ক্ষণত জ্যোতিষীৰ দৃষ্টিৰে কেনে হ’ব এইবাৰৰ শাৰদীয় দুৰ্গা পুজা ? জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন...
Last Updated : Oct 6, 2021, 8:46 AM IST

ABOUT THE AUTHOR

...view details