"মা,বাবা নাই চাৰাব খাই পলাই গল," তেওঁলোক এতিয়া কেনে আছে ?
আপোনাৰ হয়তো মনত আছে গোলাঘাটৰ সেই হৃদয়বিদাৰক ঘটনাৰ কথা৷ বিষাক্ত সুৰা পান কৰি চিৰদিনৰ বাবে হেৰাই গৈছিল এটা পৰিয়াল ৷ ঠিকনাবিহীন হৈছিল এই কণমানি কেইটা৷ ক'লৈ যাব, কি কৰিব, একো বুজি নোপোৱা শিশুকেইটাই জনা নাছিল প্ৰকৃততে কি ঘটিছিল ৷ চিৰদিনৰ বাবে নিথৰুৱা কৰি থৈ তেওঁলোকক এৰি গুচি গৈছিল পিতৃ মাতৃ দুয়োগৰাকী৷ পৰৱৰ্তী সময়ত কুন্দন,চন্দন,বাদল নামৰ সেই কণমানি কেইটাৰ গোলাঘাটৰ শালমৰা চাহবাগিছাৰ পৰা যোৰহাট হৈছিল তেওঁলোকৰ নতুন ঠিকনা ৷ তেওঁলোকে বিচাৰি পাইছিল এখন নতুন ঘৰ,আপোনতকৈ আপোন পিতৃ মাতৃ ৷ যোৰহাটৰ দেবব্ৰত শৰ্মা,আৰু শান্তনা শৰ্মা ৷ তেওঁলোকে তুলি লৈছিল কুন্দন,চন্দন,বাদল নামৰ সেই কণমানি কেইটাক ৷ তাৰপিচত কি হ'ল ? তেওঁলোক এতিয়া কেনে আছে চাওক আমাৰ এক প্ৰতিবেদন...