যোৰহাটৰ বুঢ়ী গোসানী দেৱালয়ত ভক্তৰ ভিৰ - JORHAT BURHI GOKHANI TEMPLE DURGA PUJA
আজি দূৰ্গা সপ্তমী ৷ সমগ্ৰ ৰাজ্যৰ আকাশ বতাহত গুঞ্জৰিত হৈছে দেৱী দুৰ্গাৰ বন্দনা ৷ আজিৰ এই পবিত্ৰ দিনটোক ‘সৰুবলি’ও বোলা হয় ৷ কাৰণ সপ্তমীৰ এই দিনটোতে দেৱীৰ ওচৰত মনোবাঞ্চা পূৰণৰ বাবে নৈবদ্যৰ লগতে বলি দিয়া হয় ৷ সৰুবলিৰ এই পবিত্ৰ দিনটোতে যোৰহাটৰ বুঢ়ী গোসানী দেৱালয়ত পুৱাৰ পৰাই ভক্তই ভিৰ কৰা পৰিলক্ষিত হয় ৷ জনপ্ৰবাদ অনুসৰি 225 বছৰ পুৰণি ঐতিহাসিক এই দেৱালয়খনত দেৱী দূর্গাৰ ওচৰত নিজৰ ইচ্ছা অনুসৰি দান আগবঢ়ালে সকলো মনোবঞ্চনা পূৰণ হয় ৷
TAGGED:
যোৰহাটৰ বুঢ়ী গোসানী দেৱালয়