গাঁওবুঢ়াক নিযুক্তি পত্ৰ প্ৰদানৰ আহ্বান জোনাই গাওঁবুঢ়াৰ সন্থাৰ - গাঁওবুঢ়াক নিযুক্তি পত্ৰ প্ৰদানৰ আহ্বান
ৰাজ্যৰ প্ৰতিখন জিলাৰ অন্তৰ্গত গাঁৱৰ গাঁওবুঢ়া (Village Head)সকলৰ ক্ষেত্ৰত চৰকাৰে কেবিনেটত লোৱা সিদ্ধান্তৰ পাচতে শীঘ্ৰে নিযুক্তি পত্ৰ প্ৰদান কৰি তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিবলৈ চৰকাৰক আহ্বান জনায় গাঁওবুঢ়াসকলে ৷ কেবিনেটত গাঁওবুঢ়াসকলক নতুনকৈ ‘গাঁওপ্ৰধান’ উপাধিৰে নামাকৰণ কৰা হৈছে ৷ এই নতুন উপাধিক ধেমাজি জিলাৰ জোনাই গাওঁবুঢ়াৰ সন্থাই আদৰণি জনাইছে ৷ গাঁওপ্ৰধান হ’বলৈ হ’লে নিম্নতম বয়স 30 বছৰ আৰু উচ্চ বয়স 65 বছৰৰ ওপৰত হ’ব নোৱাৰিব বুলি চৰকাৰে ঘোষণা কৰে ৷ অতি পৰিতাপৰ বিষয় এয়ে যে, জোনাই ৰাজহ চক্ৰ বিষয়াৰ অন্তৰ্গত চাৰিগৰাকীয়েহে চৰকাৰী বেতন প্ৰাপ্ত গাঁওবুঢ়া ৷ বাকী 80 গৰাকীয়েই বেতন বঞ্চিত ৷ সেয়ে শীঘ্ৰে নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে গাওঁবুঢ়াসকলে ৷