অসম

assam

উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ বিজেপিক ভোট দিয়ক:মন্ত্ৰী যোগেন মোহন

By

Published : Mar 25, 2021, 9:50 AM IST

আগন্তুক নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী ৷ সমষ্টিয়ে সমষ্টিয়ে ৰাজনৈতিক নেতাৰ আহ-যাহ দুগুণে বাঢ়িছে ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত বুধবাৰে ৰাজহ আৰু ৰাজ্যিক গড়কাপ্তানী বিভাগৰ মন্ত্ৰী যোগেন মহনে জাতি-জনগোষ্ঠী সকলোকে লৈ উন্নয়নৰ কাম কৰা চৰকাৰক ভোট দিবলৈ অসমৰ ৰাইজক আহ্বান জনাইছে । সকলোকে একতাৰ দোলেৰে বান্ধি বিজেপি চৰকাৰে উন্নয়নৰ কাম কৰিছে গতিকে পুনৰ বিজেপিক ভোট দিব লাগে বুলি মন্তব্য কৰে ৰাজ্যিক গড়কাপ্তানী মন্ত্ৰী গৰাকীয়ে । বিজেপি চৰকাৰে উন্নয়নৰ জড়িয়তে পৰিবৰ্তন আনিছে । বিজেপিয়ে ২০১৬ চনত প্ৰকাশ কৰা ইস্তাহাৰৰ প্ৰতিটো বিষয় বিজেপি চৰকাৰে কাৰ্যকৰী কৰা বুলি দাবী কৰে । লগতে কিছু সমষ্টিত সৃষ্টি হোৱা হিংসাত্মক ঘটনা সমূহত বিৰোধী কংগ্ৰেছ জড়িত বুলিও অভিযোগ কৰে মন্ত্ৰী গৰাকীয়ে ।

ABOUT THE AUTHOR

...view details