শিৱসাগৰত চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন - আহোম স্বৰ্গদেউ চাওলুং চুকাফা
বৰ অসমৰ ভেঁটি নিৰ্মাণ কৰা প্রবল প্ৰতাপী আহোম স্বৰ্গদেউ চাওলুং চুকাফাৰ পবিত্ৰ স্মৃতিত শিৱসাগৰত চুকাফাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন ৷ শিৱসাগৰ ছ্যুকাফা ন্যাস সমিতিৰ উদ্যোগত শিৱসাগৰৰ দৰিকা দলঙৰ সমীপত চুকাফাৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয় ৷ ৰাজ্যিক লোক নিৰ্মাণ মন্ত্ৰী যোগেন মহনে এই প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে ৷ শিৱসাগৰৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা, সুৰভি ৰাজকোঁৱৰী, বিতোপন ৰাইদঙীয়া লগতে ভালেসংখ্যক লোক এই অনুষ্ঠানত উপস্থিত থাকে ৷ অসমীয়া জাতিৰ বাবে বৰ অসম গঢ়ি সাতৰাজ মাৰি এক ৰাজ কৰা স্বৰ্গদেউ চাওলুং চুকাফাৰ স্মৃতিত অসম চৰকাৰ ফালৰ পৰা পোৱা এক কঠা মাটিত এখন আটক ধুনীয়া শিশু উদ্যান গঢ় লৈ উঠিব বুলি মন্ত্ৰী মহনে জানিবলৈ দিছে ৷