সওঁপুৰত গৰাখহনীয়া পৰিদৰ্শন বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ - বেঁকী নদীৰ গৰাখহনীয়া
বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কৰাৰকুৰস্থিত বেঁকী নদীৰ ভয়ংকৰ গৰাখহনীয়াই তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে গুৱাহাটীৰ পৰা উত্তৰ শালমাৰালৈ যোৱা ২য় বিকল্প ৰাজ্যিক ঘাই পথলৈ । বেঁকী নদীৰ খহনীয়াত ইতিমধ্যে শ শ পৰিয়ালৰ ভেটি-মাটি নদীৰ বুকুত জাহ যোৱাৰ লগতে নৱ নিৰ্মিত ৭৪ কোটি টকীয়া বেঁকী দলঙখনো নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে । ইতিমধ্যে চৰকাৰৰ লোক নিৰ্মাণ বিভাগে জিঅ’ বেগেৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে যদিও সেয়া পৰ্যাপ্ত নহয় ৷ বৃহস্পতিবাৰে জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে বেঁকী নদীৰ খহনীয়াগ্ৰস্থ এলেকা পৰিদৰ্শন কৰে ৷ অতি শীঘ্ৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক লগ ধৰি এই দীর্ঘদিনীয়া সমস্যাৰ কথা উত্থাপন কৰি খহনীয়া প্ৰতিৰোধৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব বুলি ড৹ ইছলামে ৰাইজক আশ্বাস প্ৰদান কৰে । আনহাতে, চৰকাৰৰ অমানৱীয় উচ্ছেদ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰৰ উচ্ছেদ অভিযানক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে বিধায়কগৰাকীয়ে ৷