অসম

assam

ETV Bharat / videos

জনতাৰ কন্ঠ: জন প্ৰতিনিধি বিহীন ৰঙাপাৰ সমষ্টিৰ উন্নয়নৰ খাতিয়ান - Assam assembly election

By

Published : Mar 10, 2021, 1:12 PM IST

ইটিভি ভাৰতৰ নিৰ্বাচন বিশেষ অনুষ্ঠান জনতাৰ কণ্ঠ ৷ এই অনুষ্ঠানৰ জৰিয়তে আমি খবৰ ল'ম অসমৰ প্ৰতিটো সমষ্টিৰ ভোটাৰৰ ৷ বিগত 5 বছৰত সোণোৱাল চৰকাৰৰ কাৰ্যকালত ৰাইজ কিমান সন্তুষ্ট আৰু কিমান অসন্তুষ্ট, ৰাইজৰ আশা-আকাংক্ষা এই সকলোবোৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ চেষ্টা চলাম এই অনুষ্ঠানৰ দ্বাৰা ৷ ৭৪ নং ৰঙাপাৰ বিধানসভা সমষ্টিত ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বৰ্তমানৰ তেজপুৰ সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসে বিজেপি দলৰ পৰা জয়লাভ কৰিছিল ৷ কিন্ত ২০১৯ চনৰ মে' মাহত পল্লৱ লোচন দাস তেজপুৰ লোক সভাৰ সাংসদ হিচাবে নিৰ্বাচিত হয় । ইয়াৰ পিছত ২০১৯ বর্ষতে ৰাজেন বৰঠাকুৰ ৰঙাপাৰ সমষ্টিৰ উপ নিবাৰ্চনত জয়লাভ কৰে বিজেপি দলৰ প্ৰাৰ্থী হিচাবে । কিন্তু দুৰ্ভাগ্যজনক ভাৱে সেই একে বছৰতে ডিচেম্বৰ মাহৰ ১০ তাৰিখে হৃদৰোগ জনিত কাৰণত আকস্মিক মৃত্যু ঘটে বিধায়ক গৰাকীৰ । ইয়াৰ পিছত সমষ্টিটো কোনো জন প্ৰতিনিধি অবিহনে আছে ? বিজেপি চৰকাৰৰ চাৰি বছৰীয়া কাৰ্যকালত ভোটাৰ কিমান আশ্বস্ত সমষ্টিৰ উন্নয়নক লৈ ? তাৰেই এক পৰ্যালোচনা ৷ চাওঁ আহক এই প্ৰতিবেদনত ...

ABOUT THE AUTHOR

...view details