ঢোল-পেঁপাৰ শব্দত উখল-মাখল বৰপুখুৰীপাৰ - MUKOLI BIHU
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বৰপুখুৰীপাৰত শুকুৰবাৰে অনুষ্ঠিত হয় 54 সংখ্যক বৰপুখুৰীপাৰ মুকলিবিহু ৷ বিয়লি দুই বজাৰপৰা অনুষ্ঠিত এই মুকলি বিহুত শোণিতপুৰ , বিশ্বনাথ জিলাকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ কুৰিটাৰো অধিক বিহুৱা দলে অংশগ্ৰহণ কৰে ৷ কেইবা সহস্ৰাধিক দৰ্শকে উপভোগ কৰা এই মুকলিবিহুত বিশ্বনাথ চাৰিআলিৰ গামোছা বিহুৱা দল,তেজপুৰৰ অগ্নিশিখা বিহুৱা দল,ঢেকীয়াজুলিৰ ৰূপজ্যোতি বিহুৱা দল,গহপুৰ ঘাঁহি গাওঁৰ উদয়ন বিহুৱা দল,বিশ্বনাথৰ নবপাৰিজাত বিহুৱা দল,বিহালীৰ বৰহমথুৰি বিহুৱা দল,বেদেতীৰ দ্বীপজ্যোতি বিহুৱা দল,টৌভঙাৰ জীয়াভৰলী মিছিং বিহুৱা দল,বাঁহবাৰীৰ ব’হাগী বিহুৱা দল,বিশ্বনাথ ঘাটৰ ৰংমন ৰাংঢালী বিহুৱা দল,পাভৈৰ বহ্নিমান বিহুৱা দল,জামুগুৰিহাটৰ শিখা বিহুৱা দলৰ উপৰি নাৰায়ণপুৰ,ওদালগুৰিকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাটিও বিহুৱা দলে অংশ গ্ৰহণ কৰে ৷