ভৱানীপুৰ ৰাজীৱ ভৱনত উপস্থিত জাকিৰ হুছেইন শিকদাৰ
ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰৰ বিজেপি গমন প্ৰায় নিশ্চিত হোৱাৰ পিছত এতিয়া সঘনাই সলনি হৈছে সমষ্টিটোৰ ৰাজনৈতিক প্ৰেক্ষাপট ৷ উপ-নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে বিৰোধী দলসমূহে ৷ সাজু হৈছে বিৰোধী দল কংগ্ৰেছো ৷ দেওবাৰে ভৱানীপুৰস্থিত ৰাজীৱ ভৱনত উপস্থিত হয় সৰুক্ষেত্ৰী বিধায়ক জাকিৰ হুছেইন শিকদাৰ । ফণী তালুকদাৰক বিশ্বাসঘাতক, ক্ষমতালোভী ব্যক্তি বুলি সংবাদ মাধ্যমৰ আগত থকা-সৰকা কৰে সৰুক্ষেত্ৰীৰ বিধায়কগৰাকীয়ে ৷ আগন্তুক উপ-নিৰ্বাচনত কংগ্ৰেছ দলেও প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি স্পষ্ট কৰি দিয়ে বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷