অসম

assam

By

Published : Jun 12, 2021, 10:30 PM IST

ETV Bharat / videos

জাগুনত দলং নিৰ্মাণৰ দাবীত উত্তাল প্ৰতিবাদ ৰাইজৰ

মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপ-জাগুন কথাচেমা গাঁৱৰ সংযোগী এখন পকী দলং নিৰ্মাণৰ দাবীত বুঢ়ীদিহিং নদীৰ পাৰত স্থানীয় ৰাইজ তথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সদস্যসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । মাৰ্ঘেৰিটাৰ সমষ্টিৰ অন্তৰ্গত জাগুন কথাচেমা গাঁৱৰ ৰাইজৰ বছৰ বছৰ ধৰি দীৰ্ঘদিনীয়া সমস্যা হিচাপে নদীৰ পাৰ হওতে যাতায়াতৰ নামত যমৰ যন্ত্ৰণা ভুগি আহিছে । বাৰিষা আহিলেই নদীৰ বুকুত বহুতো দুৰ্ঘটনা সংগঠিত হোৱাৰ লগতে বিপদসংকুলভাৱে এখন মাত্ৰ নাৱেৰে যান বাহন পাৰ কৰিবলগীয়া হোৱাত কথাচেমা গাঁৱৰ ৰাইজে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদত নামি পৰাৰ লগতে পকী দলং নিৰ্মাণ নোহোৱা পৰ্যন্ত তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে ।

ABOUT THE AUTHOR

...view details