অসম

assam

ETV Bharat / videos

মাণিকপুৰত উপস্থিত ITBPৰ চাইক্লিষ্টৰ দল - ইটানগৰৰ পৰা শিলিগুৰিলৈ যাত্ৰা

By

Published : Aug 25, 2021, 5:01 PM IST

যুৱ প্ৰজন্মক সেনা বাহিনীত যোগদানৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে ইটানগৰৰ পৰা চাইকেল ৰেলী আৰম্ভ কৰি বুধবাৰে পুৱা বৰপেটাৰ মাণিকপুৰত উপস্থিত হৈছে ভাৰত-তিব্বত সীমান্ত আৰক্ষী(ITBP)ৰ ৫০ জনীয়া চাইক্লিষ্টৰ দল । পুৱা মাণিকপুৰত উপস্থিত হৈ কিছু সময় জিৰণি লয় দলটোৱে । ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰেলী আয়োজন কৰা হৈছে আৰু ১৫ আগষ্টত তেওঁলোকে ইটানগৰৰ পৰা যাত্ৰা আৰম্ভ কৰে । ভাৰতীয় সেনা বাহিনীক অধিক শক্তিশালী কৰাৰ বাবে যুৱ প্ৰজন্মক সেনা বাহিনীত যোগদান কৰিবলৈ উৎসাহিত কৰিবলৈ এই ৰেলী আৰম্ভ কৰা হৈছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰিছে ৰেলীত অংশ লোৱে জোৱানসকলে । ৩০ আগষ্টত এই দলটো শিলিগুৰিত উপস্থিত হ'ব । শিলিগুৰিৰ পৰা দুই অক্টোবৰত দিল্লীত উপস্থিত হোৱাৰ পিছত এই যাত্ৰাৰ অন্ত পৰিব । উল্লেখ্য যে, বৰ্তমান একাংশ যুৱক-যুৱতীসকল নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈ নিজৰ লক্ষ্যৰ পৰা বিচলিত হোৱা দেখা গৈছে । বহুতেই জীৱনৰ প্ৰকৃত আনন্দ উপভোগ কৰাৰ পৰা বঞ্চিত হোৱাৰ লগতে বহুজনে অকালতে মৃত্যুক সাৱতিবলগীয়া হৈছে । সেয়ে, নৱ প্ৰজন্মক দেশৰ হকে কাম কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে ভাৰত-তিব্বত সীমান্ত আৰক্ষীয়ে ।

ABOUT THE AUTHOR

...view details