অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত অনিয়ম : আটক তিনি আৰক্ষী বিষয়া
অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত কৰিমগঞ্জত দুৰ্নীতি হোৱাৰ অভিযোগ ৷ শাৰীৰিক পৰীক্ষাত নিজৰ অনুতীৰ্ণ ল'ৰা-ছোৱালীক উত্তীৰ্ণ কৰাই দিয়াৰ অভিযোগত আটক কৰা হৈছে তিনি আৰক্ষী কৰ্মীক ৷ আটকাধীন কেইজন পৰিদৰ্শক তাপস সিনহা, উপ পৰিদৰ্শক বলাই চন্দ আৰু নাৰ্চিং ষ্টাফৰ দেবাশীষ সিনহা বুলি জানিব পৰা গৈছে ৷ আটাইকেইগৰাকী কৰিমগঞ্জত চলি থকা অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াৰ শাৰিৰিক পৰীক্ষাত কৰ্তব্যৰত আছিল ৷ প্ৰাপ্ত খবৰ মতে, এই তিনি গৰাকী আৰক্ষী বিষয়াৰ দুজন ল'ৰা আৰু এগৰাকী ছোৱালী শাৰীৰিক পৰীক্ষাত অৱৰ্তীৰ্ণ হৈ অনুতীৰ্ণ হৈছিল ৷ কিন্তু অতি কৌশলেৰে এই তিনি আৰক্ষী বিষয়াই আটাইকেইজনক উত্তীৰ্ণ কৰাই দিছিল ৷ পৰৱৰ্তী সময়ত এক অভিযোগৰ ভিত্তিত চিচি টিভি কেমেৰাৰ ফুটেজ চাই আৰক্ষী বিষয়া কেই গৰাকীক আটক কৰিছে কৰিমগঞ্জ আৰক্ষীয়ে ৷ লগতে পৰীক্ষা অনুষ্ঠিত কৰা কোম্পানীৰ দুগৰাকী কৰ্মীকো আটক কৰি সোধপোচ চলাই আছে কৰিমগঞ্জ আৰক্ষীয়ে ৷
Last Updated : Sep 28, 2021, 10:18 PM IST