চৰকাৰী সুবিধাৰ পৰা বঞ্চিত আন্তঃৰাষ্ট্ৰীয় ফুটবলাৰ অঞ্জনা শইকীয়া - International footballer Anjana Saikia deprived of government facilities
অসম চৰকাৰে "আমাৰ খেলুৱৈ আমাৰ সন্মান" শীৰ্ষক শ্ল'গানেৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্ম দিনটো ক্ৰীড়া পেন্সন দিৱস হিচাপে উদযাপন কৰিলে ৷ ইয়াৰ লগত সংগতি ৰাখি অসম চৰকাৰে আন্তঃৰাষ্ট্ৰীয় তথা ৰাষ্ট্ৰীয় পৰ্যায়ত পদক জয় কৰিবলৈ সক্ষম হোৱা খেলুৱৈসকলক ক্ৰীড়া পেন্সন, এককালীন সাহায্য, চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৷ স্বাভাৱিকতে চৰকাৰৰ এই সিদ্ধান্তক সকলোৱে আদৰণি জনাইছে ৷ কিন্তু, এনে নামজ্বলা খেলুৱৈৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত বাদ পৰি ৰ'ল যোৰহাট জিলাৰ কাকজানৰ এগৰাকী প্ৰচুৰ সম্ভাৱনাময় মহিলা ফুটবলাৰ ৷ ফুটবলাৰ গৰাকী হৈছে 2014 বৰ্ষত পাকিস্তানত অনুষ্ঠিত চাৰ্ফ গেমছত ভাৰতীয় মহিলা ফুটবল দলক প্ৰতিনিধিত্ব কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা অঞ্জনা শইকীয়া ৷ যাৰ বাবে এতিয়া সমগ্ৰ যোৰহাট জিলাতে ক্ৰীড়ানুৰাগী সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ অঞ্জনাই খেলা ফুটবল দলটোৰ অন্যান্য খেলুৱৈ সকলক নিজ নিজ ৰাজ্যত চৰকাৰে সন্মানজনকভাৱে চৰকাৰী চাকৰিত নিযুক্তি দিলে যদিও ভাৰতীয় মহিলা ফুটবল দলক একাধিক বাৰ প্ৰতিনিধিত্ব কৰা অসমৰ একমাত্ৰ মহিলা ফুটবলাৰ গৰাকী আজিও চৰকাৰৰ দৃষ্টিত নপৰাটো দুৰ্ভাগ্যজনক ৷ দৰিদ্ৰ পিতৃ-মাতৃৰ মুখত ফুটবল খেলি হাঁহি বিৰিঙোৱাৰ লক্ষ্য লৈ 2011 চনত ঘৰৰ পৰা ওলাই আহিছিল অঞ্জনা শইকীয়া ৷ যোৰহাটৰ কাকজানৰ ৰবিন বৰা নামৰ এগৰাকী ব্যক্তিৰ ঘৰত থাকিয়েই অঞ্জনাই স্নাতক ডিগ্ৰী লোৱাৰ লগতে দুগুণ উৎসাহেৰে চলাই গৈছিল নিজৰ অনুশীলন ৷ 2020 চনৰ নৱেম্বৰ মাহৰ 20 তাৰিখে তেতিয়াৰ মুখ্যমন্ত্ৰী সচিবে এক পত্ৰযোগে লক্ষ্য কোঁৱৰলৈ চৰকাৰী চাকৰি বাবে লিখিছিল যদিও আজিও চৰকাৰৰ পৰা কোনো সঁহাৰি নাপালে খেলুৱৈগৰাকীয়ে ৷