অসম

assam

By

Published : Aug 8, 2021, 8:30 PM IST

ETV Bharat / videos

এফালে পথাৰত চিৰাল ফাঁট আনফালে চৰহা পোকৰ আতংক : বিপাঙত কৃষক

এতিয়া পথাৰক ভীষণ ব্যস্ত কৃষক ৷ বছৰৰ ভাত মুঠি যোগাৰ কৰিবলৈ কপালৰ ঘাম মাটিত পেলাইছে চহা কৃষকে ৷ কিন্তু তাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গৈছে প্ৰকৃতিৰ প্ৰতিকূল ৰূপ ৷ ক’ৰবাত যদি পানীৰ বাবে হাহকাৰ কৰিব লগীয়া হৈছে, আন ক’ৰবাত পথাৰত চৰহা পোকৰ আক্ৰমণৰ বাবে বিপদত পৰিছে কৃষক ৷ শিৱসাগৰ জিলাৰ আমগুৰিত এতিয়া পথাৰত চৰহা পোকৰ আক্ৰমণে চিন্তিত কৰি তুলিছে কৃষকক । আমগুৰি মহকুমা কৃষি কাৰ্যালয়ৰ অন্তৰ্গত দিকচু মাউৎ পথাৰ, খেমদৈ পথাৰত চৰহা পোকে আক্ৰমণ কৰিছে সজাল ধৰা খেতিত ৷ সম্প্ৰতি চৰহা পোকৰ আক্ৰমণত মূৰে-কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে ৷ ইপিনে আমগুৰি মহকুমা কৃষি কাৰ্যালয়ে কৃষক সকলক প্ৰয়োজনীয় ঔষধ যোগান ধৰিছে যদিও চৰহা পোকৰ পৰা পৰিত্ৰাণ লাভ কৰা নাই । যাৰ ফলত অৰ্ধ-শতাধিক কৃষকে কৰা ধান খেতি এফালৰ পৰা চৰহা পোকে তহিলং কৰি গৈছে । উপায়ন্তৰ হৈ পৰিছে দিকচু মাউৎ পথাৰ, খেমদৈ পথাৰত ১০০ ৰ পৰা ১৫০ বিঘা খেতিপথাৰত চৰহা পোকৰ আক্ৰমণত বিনষ্ট হোৱা খেতি পথাৰ দেখি কৃষক সকল । সম্প্ৰতি ভুক্তভোগী কৃষক সকলে কৃষি বিভাগক চৰহা পোক নিধনৰ ক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৷ অন্যথা এই ক’ভিড মহামাৰীয়ে জুৰুলা কৰা কৃষক সকলযে অনাগত দিনত আৰু বিপদত পৰিব সেয়া প্ৰায় নিশ্চিত ৷

ABOUT THE AUTHOR

...view details