ৰাজ্যৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰিছে বিশেষ বিভাগ - Indigenous Faith & Culture department
ৰাজ্যত খিলঞ্জীয়া সকলৰ কৃষ্টি সংস্কৃতি আৰু ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । এই লক্ষ্যৰে Indigenous Faith & Culture department নামৰ এটা স্বতন্ত্ৰ বিভাগ খোলা হৈছে । এই বিভাগটোৰ বাবে বাজেটত 100 কোটি টকা ধাৰ্য কৰা হৈছে বুলি শনিবাৰে দুদিনীয়া ভ্ৰমণ সূচীৰে হাফলঙত উপস্থিত হৈ এই কথা সদৰী কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। তেওঁ উল্লেখ কৰে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি আৰু ঐতিহ্য ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰ বদ্ধপৰিকৰ । ইয়াৰ কাৰণে মুখ্যমন্ত্ৰীৰ অনুৰোধত ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰত্নতাত্বিক নিদৰ্শন আৰু স্মৃতি সৌধ সমূহ পৰিদৰ্শন কৰিছো । সেই ঠাই সমূহৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লগতো আলোচনা কৰিছো । ডিমা হাছাও জিলাৰ ডিমাচা, জেমি নগা, মাৰ, কুকি, বেইতে, ৰংখল, খেলমা, কাৰ্বি, জয়ন্তীয়া খাচী আদি জনগোষ্ঠীয় লোক সকলৰ লগতে আলোচনা কৰিছো । একেদৰে শনিবাৰে হাফলঙত উপস্থিত হৈ পাহাৰীয়া জিলা খনৰ বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধি সকলৰ লগত এখন বৈঠকত মিলিত হৈ মত বিনিময় কৰে অধ্যক্ষ গৰাকীয়ে ৷ উক্ত বৈঠকত উপস্থিত আছিল বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন, বিধায়ক ভুৱন পেগু, ভূপেন বড়ো, বিধায়িকা নন্দিতা গাৰ্লচাকে ধৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যাবাহী সদস্য দেৱলাল গাৰ্লচাসহ জিলা উপায়ুক্ত পল বৰুৱা ।