কলিয়াবৰত স্বাধীনতা দিৱসৰ প্ৰস্তুতি নিৰীক্ষণ আনন্দ মিশ্ৰৰ - Independence Day Preparation at Kaliabor etv bharat news
শেষৰ পৰ্যায়ত উপনীত হৈছে কলিয়াবৰত ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি ৷ কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত ঐতিহাসিক গান্ধী খেলপথাৰত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি চলোৱা হৈছে ৷ এই প্ৰস্তুতিস্থলীত উপস্থিত হয় নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷ মিশ্ৰই মহকুমা প্ৰশাসনৰ প্ৰস্তুতিত সন্তোষ প্ৰকাশ কৰে ৷ মাৰ্চ পাষ্টৰ অনুশীলনৰ তদাৰক কৰি জোৱানসকলক উৎসাহিত কৰে নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ সাংবাদিকৰে হোৱা বাৰ্তালাপত ক’ভিড প্ৰট’কল মানি স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৰূপায়ণৰ লগতে জিলাখনৰ প্ৰতিটো স্থানতে সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা বুলি অৱগত কৰে ৷ তদুপৰি, পোন প্ৰথমবাৰৰ বাবে সংযুক্ত মুক্তি বাহিনী অসমে স্বাধীনতা দিৱস বৰ্জন নকৰাটোৱে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ বাবে ধনাত্মক বাৰ্তা প্ৰেৰণ কৰা বুলি মত প্ৰকাশ কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ৷