অসম

assam

ETV Bharat / videos

হাউলীত ক্ৰমাৎ বৃদ্ধি চুপাৰি চোৰ - Increases thief activity at Hawly Barpeta

By

Published : Dec 23, 2021, 9:26 AM IST

বৰপেটা আৰক্ষীৰ চকুত ধূলি মাৰি চুপাৰি নগৰী হাউলীত চলিছে চোৰৰ চাফাই অভিযান (Increases thief activity at Hawly) ৷ নিজৰ কষ্টৰ ধন কেনেকৈ চোৰৰ পৰা ৰক্ষা কৰিব পাৰি, তাৰেই চিন্তাত মগ্ন হৈছে হাউলীবাসী ৷ চহৰখনত নিশা হ’লেই চোৰৰ টিঘিল-ঘিলনি চলে বুলি উত্থাপিত ৰাইজৰ অভিযোগ (Police failing to catch thief at Howly) ৷ জানিব পৰা মতে, হাউলীৰ 3নং ৱাৰ্ডৰ ক্ষুদ্ৰ ব্যৱসায়ী হজৰত আলীৰ চুপাৰি কাৰখানাটোত মঙলবাৰে নিশা এটা চোৰৰ দলে চলাই চাফাই অভিযান ৷ প্ৰায় ডেৰ লক্ষাধিক টকাৰ চুপাৰি লৈ উধাও হয় চোৰৰ দলটো ৷ যাৰ ফলত মূৰে-কপালে হাত দিছে চুপাৰি ব্যৱসায়ীজনে ৷ আনৰ পৰা ঋণ লৈ বহু কষ্টৰে ব্যৱসায়ীজনে আৰম্ভ কৰিছিল চুপাৰিৰ কাৰখানাটো ৷ অঞ্চলটোত নিতৌ বৃদ্ধি পোৱা চোৰৰ আতংকৰ ফলত হাউলীবাসী চিন্তিত হৈ পৰিছে ৷ এইক্ষেত্ৰত বৰপেটা আৰক্ষীৰ নিৰ্বিকাৰ ভূমিকাক লৈ চিন্তিত হৈ পৰিছে হাউলীবাসী ৷

ABOUT THE AUTHOR

...view details