অসম

assam

By

Published : Jun 22, 2021, 10:44 PM IST

ETV Bharat / videos

চিদলীত চোৰাং কাঠ ভৰ্তি বাহন জব্দ

ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা ক'ভিড নীতি আৰু সান্ধ্য আইনৰ সুযোগ লৈ একাংশ দুষ্ট লোকে অব্যাহত ৰাখিছে অবৈধ ব্যৱসায় ৷ শেহতীয়াকৈ আৰক্ষীৰ জালত পৰিছে এনে বহু দুষ্ট লোক ৷ ইয়াৰ মাজতে মঙলবাৰে চিৰাঙৰ চিদলীত বৃহৎ পৰিমানৰ চোৰাং কাঠ ভৰ্তি বাহন জব্দ কৰে আৰক্ষীয়ে ৷ কোকৰাঝাৰৰ কাৰিগাঁৱৰ দিশৰ পৰা বঙাইগাঁৱৰ দিশলৈ লৈ যোৱাৰ সময়তে 31 নং চি ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে অবৈধ চোৰাং কাঠ ভৰ্তি বাহন খন ৷ অবৈধ কাঠ সহ জব্দ হোৱা বলেৰ পিক আপ ভেন খনৰ নম্বৰ AS-19AC-0569 বুলি প্ৰকাশ কৰিছে চিৰাং জিলা আৰক্ষীয়ে ৷ বাহন খনত থকা শাল কাঠ খিনি আলুৰ বস্তাৰে ঢাকি লৈ যোৱাৰ চেষ্টা চলাইছিল চোৰাং কাঠ ব্যৱসায়ীৰ দলটোৱে ৷ ইতিমধ্যে আৰক্ষীয়ে গাড়ী চালকক আটক কৰি সোধ পোচ অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

...view details