অসম

assam

ETV Bharat / videos

টীয়কত উচ্ছেদ অবৈধ চুলাইৰ ঘাটি - illegal liquor

By

Published : Jul 13, 2021, 2:03 PM IST

টীয়কত আবকাৰীৰ বিভাগৰ বৃহৎ সফলতা ৷ টীয়কৰ ঔগুৰি অঞ্চলত মঙলবাৰে আবকাৰী বিভাগে উচ্ছেদ কৰে অবৈধ চুলাই মদ প্ৰস্তুত কৰা ভাটি । আবকাৰী বিভাগৰ দলটোৱে আটক কৰিবলৈ সক্ষম হয় চুলাই প্ৰস্তুত কাৰ্যৰে জড়িত ৰিংকু টাও নামৰ এজন যুৱকক । উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই চুলাইৰ অবৈধ ঘাটিৰ পৰা ক’ভিড সংক্ৰমণৰ হাৰ ৰাজ্যত বৃদ্ধি পোৱা বুলি মতপোষণ কৰিছিল ৷ ইয়াৰ পাছৰ পৰা অবৈধ চুলাইৰ বিৰুদ্ধে আবকাৰী বিভাগে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । যোৰহাট জিলাৰ টীয়কতো আবকাৰী বিভাগে বিগত এটা সপ্তাহে বহুকেইটা অবৈধ চুলাই ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হৈছে । একেদিনা অৰ্থাৎ মঙলবাৰে পুৱা জিলাখনৰ আবকাৰী বিভাগৰ উপ-অধীক্ষকৰ নেতৃত্বত আৰক্ষী, আবকাৰী বিভাগৰ যৌথ অভিযানত ঔগুৰি অঞ্চলত অভিযান চলাই এজনক আটক কৰাৰ উপৰিও খনামুখ ঘৰফলীয়াৰ নৰেন গগৈৰ ঘৰৰ পৰা কেইবা কাৰ্টন বিলাতী সুৰা অবৈধভাৱে মজুত কৰি থোৱা অৱস্থাত জব্দ কৰে ৷ লগতে নৰেন গগৈ নামৰ ব্যক্তিজনকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details