অসম

assam

ETV Bharat / videos

মাটিৰ দালালৰ পৰা তথ্য পালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে চৰকাৰী বিষয়াক

By

Published : Sep 21, 2021, 6:09 PM IST

মৰিগাঁও আৰক্ষীৰ জালত বন্দী হ’ল ২৭ টাকৈ মাটিৰ দালাল । মৰিগাঁৱত মেডিকেল কলেজৰ স্থাপন কৰাৰ খবৰ ওলোৱাৰ পিছত সক্ৰিয় হৈ পৰিছিল দালাল চক্ৰটো । স্বয়ং জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলিয়াই তৰিছিল গোচৰ । সম্প্ৰতি দালাল কেইটাক আৰক্ষীয়ে সোধপোচ অব্যাহত ৰাখিছে । আওঁতালৈ আহিলে গ্ৰেপ্তাৰ হ’ব পাৰে সংশ্লিষ্ট চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চৰকাৰী বিষয়া-কৰ্মচাৰী । মঙলবাৰে সংবাদমেল আয়োজন কৰি এই ঘোষণা আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজনৰ ।

ABOUT THE AUTHOR

...view details