বিশ্বনাথত ঘৰে ঘৰে হুঁচৰি - বিহালী সমষ্টি
ব'হাগৰ তৃতীয়টো দিনত বিশ্বনাথত দেখা গ’ল ঘৰে ঘৰে হুঁচৰি গোৱাৰ এক পৰম্পৰা ৷ জিলাখনৰ বিহালীৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো পৰিয়ালৰ চোতালত পদধূলি দিয়ে হুঁচৰিৰ দলসমূহে ৷ শনিবাৰে বিহালী সমষ্টিৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান প্ৰতিধ্বনি যুৱক সংঘৰ সদস্যসকলে ঘৰে ঘৰে গৈ হুঁচৰি গোৱা দেখা যায় ৷ যি পৰম্পৰা তাক অটুট ৰাখি ব’হাগৰ প্ৰথমটো দিনৰ পৰাই দলটোক হুঁচৰি গাই থকা পৰিলক্ষিত হৈছে ৷