অসম

assam

ETV Bharat / videos

মিঠা-টেঙা সোৱাদেৰে ভৰা বন বগৰীৰ চৰবত - tangy-sweet 'sherbet' from North India

By

Published : Jun 14, 2020, 1:12 PM IST

Updated : Jul 30, 2020, 2:40 PM IST

ফালচা অৰ্থাৎ বন বগৰী হৈছে পটাছিয়াম, মেগনেছিয়াম, ভিটামিন এ আৰু চিৰ দৰে প্ৰয়োজনীৰ পুষ্টিৰে ভৰপূৰ এক পানীয় ৷ যি গ্ৰীষ্মৰ দিনকেইটাত আপোনাক সতেজতা প্ৰদানকৰাৰ লগতে আপৰোনাৰ ভিন্ন স্বাস্থ্য সমস্যাও নিৰাময়তো সহায় কৰিব ৷ এই ফলে ঘাঁ নিৰাময়ত সহায় কৰাৰ ওপৰিও তেজৰ বিশুদ্ধতা প্ৰদান কৰে আৰু ছালৰ উজ্বলতা বৃদ্ধি কৰাতো সহায় কৰে ৷ বন বগৰীৰ এই চৰবতৰ আছে এক অনবদ্য ৰঙৰ লগতে সোৱাদ ৷ সেয়েহে লক ডাউন ৰেচিপিত আমি আপোনাৰ বাবে লৈ আহিছো এই বিশেষ 'ফালচা চৰবত' অৰ্থাৎ 'বন বগৰীৰ চৰবত' তৈয়াৰ কৰাৰ পদ্ধতি ৷ এই চৰবত ঘৰতে প্ৰস্তুত কৰিব পৰাকৈ অতি সহজ পদ্ধতিৰে তৈয়াৰী ৷ বজাৰত গ্ৰীষ্মকালীন ফলসমূহ শেষ হোৱাৰ পূৰ্বেই আপুনিও ঘৰতে তৈয়াৰ কৰি চাওক এই চৰবত ৷
Last Updated : Jul 30, 2020, 2:40 PM IST

ABOUT THE AUTHOR

...view details