মহানগৰীৰ পল্টনবজাৰৰ K K হোটেলৰ কৰ্মচাৰীৰ আত্মহত্যা - K K হোটেলত আত্মহত্যা
মহানগৰীৰ পল্টনবজাৰ K K হোটেলৰ কৰ্মচাৰী আত্মহত্যা , হোটেলৰ ভিতৰৰ দ্বিতীয় মহলাত আত্মহত্যা কৰ্মচাৰী জনৰ (Hotel employee commits suicide in Paltanbazar) । আত্মহত্যা কৰা কৰ্মচাৰী জন ধুবুৰীৰ লতিফুৰ ৰহমান বুলি জানিব পৰা গৈছে । হোটেলৰ মেনেজাৰ হিচাপে বিগত ১৭ বছৰ ধৰি কাম কৰি আছিল লতিফুৰ ৰহমানে । নিশা লতিফুৰক হোটেলত নেদেখাত আন কৰ্মচাৰী সকলে বিচৰাত হোটেলখনৰ দ্বিতীয় মহলাৰ এটা কোঠা ভিতৰৰ পৰা বন্ধ হৈ থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । পল্টনবজাৰ আৰক্ষীয়ে ঘটনাথলীত উপস্থিত হৈ কোঠাটোৰ দৰ্জা ভাগি ভিতৰত প্ৰৱেশ কৰাত ঘটনাটো প্ৰত্যক্ষ কৰে। পুৱা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।