অসম

assam

By

Published : Dec 16, 2021, 10:36 PM IST

ETV Bharat / videos

হোজাইত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, আটক-4

হোজাই আৰক্ষী(Hojai Police Anti Drug Operation)য়ে বুধবাৰে লংকাৰ শ্বিলং ৰোডৰ পৰা বৃহৎ পৰিমাণৰ হেৰ'ইন আৰু কানি(Drug Seize at Hojai)সহ দুই সৰবৰাহকাৰীক আটক কৰে ৷ আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰী(Drug Peddler Arrested) দুটা লামডিঙৰ বাপ্পন সাহা আৰু মনা সৰকাৰ বুলি জানিব পৰা হৈছে ৷ বাপ্পন সাহা আৰু মনা সৰকাৰৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আন দুটা সৰবৰাহকাৰীক আটক কৰে ৷ অৱশ্যে তদন্তৰ খাতিৰত হোজাই আৰক্ষীয়ে প্ৰকাশ কৰা নাই সৰবৰাহকাৰী দুটাৰ পৰিচয় । আৰক্ষীয়ে সৰবৰাহকাৰী কেইটাৰ পৰা প্ৰায় ৭৪০ গ্ৰাম হেৰ'ইন আৰু ১ কেজি ২৮ গ্ৰাম কানি উদ্ধাৰ কৰে । জব্দকৃত হেৰ’ইন আৰু কানিখিনিৰ মূল্য প্ৰায় ৭ কোটি টকা বুলি জানিব পৰা হৈছে ।

ABOUT THE AUTHOR

...view details