অসম

assam

ETV Bharat / videos

অনশন ত্যাগ হোজাই জিলা কুঁহিয়াৰ খেতিয়কৰ - হোজাই জিলা

By

Published : Apr 10, 2019, 3:34 AM IST

সুৰা ট্ৰেজেডী কাণ্ডৰ পিচত অসম জুৰি নিষিদ্ধ হৈছিল লালি গুৰৰ লগতে দেশীয় গুৰ | ফলত অসমজুৰি বন্ধ হৈ পৰিছিল গুৰৰ বজাৰ | তাৰ সমান্তৰাল ভাৱে বন্ধ হৈ পৰিছিল হোজাই জিলা লংকা খাৰিখানাৰ অসম বিখ্যাত গুৰৰ বজাৰ | কৃষাণ মজদুৰ সন্মিলন, ভোজপুৰী যুৱ ছাত্ৰ পৰিষদ আৰু খাৰিখানাকে ধৰি কাকী, লংকা, হোজাই আৰু কাৰ্বিআংলং জিলাৰ বিভিন্ন প্ৰান্তৰ কুঁহিয়াৰ খেতিয়কে বিগত পাঁচ দিন ধৰি স্থানীয় গুৰৰ বিক্ৰী, প্ৰচলন আৰু চুলাই বন্ধ কৰাৰ দাবীত বহিছিল অনশনত | মঙলবাৰে হোজাই জিলা উপায়ুক্তই আগন্তুক ২৩ এপ্ৰিল তাৰিখৰ পৰা কুঁহিয়াৰ কৃষক সকলৰ স্থানীয় গুৰ বিক্ৰী কৰাৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰা হ’ব বুলি আশ্বাস দিয়াত অনশন ত্যাগ কৰে ৷

ABOUT THE AUTHOR

...view details