দুই এদিনতে গাত গেৰুৱা বৰণ সানিব এগৰাকী কংগ্ৰেছী বিধায়কে ! - বিজেপিত যোগদান কৰিব কংগ্ৰেছী বিধায়কে
জ্যোতিৰাদিত্যৰ সিন্ধিয়াৰ বিজেপিত যোগদানৰ ঘটনাই দেশৰ ৰাজনীতি গৰম কৰাৰ সময়তে এইবাৰ চৰ্চালৈ আহিছে অসমৰ এগৰাকী কংগ্ৰেছী বিধায়কে বিজেপিত যোগদানৰ প্ৰসংগ ৷ বৃহস্পতিবাৰে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাই সদন বাহিৰত সংবাদমাধ্যমৰ সন্মুখত এই কথা ঘোষণা কৰাৰ পাছতেই তোলপাৰ লাগিছে ৰাজ্য়ৰ ৰাজনীতিত ৷ আগন্তুক দুই এদিনতে কংগ্ৰেছৰ এজন বিধায়কে বিজেপিত যোগ দিব অথবা যোগদানৰ ইচ্ছা প্ৰকাশ কৰা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মাত্ৰকে চিন্তিত হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব ৷ অৱশ্যে ৰাজ্যসভা নিৰ্বাচনৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য কৰে ড0 হিমন্ত বিশ্ব শৰ্মাই ৷