এইবাৰ মঞ্চত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী নৃত্য
নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে পদযাত্ৰাত "আকৌ এবাৰ মোদী চৰকাৰ" গীতৰ তালে তালে নৃত্য কৰাৰ পাচত এইবাৰ মঞ্চত বহাগৰ প্ৰথম দিনটোতে এপাক নাচিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ৰঙালী বিহুৰ আনন্দত প্ৰতিজন অসমীয়াই মতলীয়া হৈ বিহু নৃত্য কৰি থকাৰ সময়তে হিমন্ত বিশ্ব শৰ্মা ব্যস্ত 'আকৌ এবাৰ মোদী চৰকাৰ' গীতৰ নৃত্য কৰাত । কাৰ্বি আংলঙৰ বৈঠালাংচুত অনুষ্ঠিত হোৱা বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিজেপি প্ৰাৰ্থী হৰেনছিং দেৰ হৈ প্ৰচাৰ চলায় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।