অসম

assam

দৌল গোবিন্দ মন্দিৰত উপস্থিত হৈ জন্মদিনৰ আশিস ল’লে মুখ্যমন্ত্ৰীয়ে

By

Published : Feb 1, 2022, 10:54 PM IST

মঙলবাৰে জীৱনৰ 53 টা বসন্ত পাৰ কৰিলে ৰাজ্যৰ ৰাজনীতিৰ চাণক্য ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma Birthday) ৷ এই বিশেষ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উদযাপন কৰা পৰিলক্ষিত হ’ল৷ অনুৰাগী সকলৰ কোনোৱে যদি কেক কাটি জন্মদিন উদযাপন কৰিলে, কোনোৱে আকৌ জন্মদিন উপলক্ষে গামোচা, ফুলৰ থোপা, নিজ হাতে অঁকা ছবি আদিৰে মুখ্যমন্ত্ৰীগৰাকীক জনালে সম্বৰ্ধনা ।ইয়াৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীয়ে উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰত উপস্থিত হৈ বহুমুখী সমূহীয়া কেন্দ্ৰটোৰ কৰিলে শিলান্যাস (Himanta Biswa Sarma visits Doul Govinda Temple) । তাৰোপৰি 50 লাখ টকা ব্যয়েৰে মন্দিৰৰ পাৰ্কিং আৰু খেলপথাৰৰ কামৰো কৰিলে শুভাৰম্ভ । মন্দিৰৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম অহা তিনি-চাৰি মাহৰ ভিতৰত সম্পন্ন হোৱাৰ কথা উল্লেখ কৰি ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি মুকলি কৰি দিয়াৰ কথাও উল্লেখ কৰিলে ৷

ABOUT THE AUTHOR

...view details