হঠাৎ কিয় খং উঠিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ - APCC president bhupen kumar borah angry on DC
ভৱানীপুৰ সমষ্টিৰ উপ নিৰ্বাচনত প্ৰতিদন্দিতা আগবঢ়োৱা কংগ্ৰেছ দলৰ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ সময়তে শুকুৰবাৰে বজালী উপায়ুক্তৰ কাৰ্যালয়ত লাগে অথন্তৰ ৷ ভৱানীপুৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে থিয় হোৱা ফণীধৰ তালুকদাৰৰ মনোনয়ন দাখিলৰ বাবে অহা বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ গাড়ীক উপায়ুক্তৰ কাৰ্যালয় চৌহদৰ ভিতৰলৈ আহিবলৈ অনুমতি দিয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সহ বিৰোধীৰ দলপতিক খোজকাঢ়ি আহিবলৈ বাধ্য কৰোৱাক লৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ যিটো সময়ত বিৰোধী দলপতি বেদব্ৰত শইকীয়া, কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰ গেটৰ পৰা খোজকাঢ়ি আহিব লাগে সেই সময়তে নিৰ্বাচনী বিধি উলংঘা কৰি কেনেদৰে এজন বিধায়কৰ গাড়ী ভিতৰলৈ আহিব পাৰে বুলি প্ৰশ্ন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷ খঙত অগ্নিশৰ্মা হৈ কেমেৰাৰ সন্মুখতে নিৰ্বাচনী পৰ্যবেক্ষকক ফোন ভূপেন বৰাৰ ৷ লগতে উপায়ুক্তক লিখিত অভিযোগ দাখিল কংগ্ৰেছ নেতৃত্বৰ ৷ অতি সোনকালে এই সন্দৰ্ভত বিহিত ব্যৱস্থা লোৱাৰ আশ্বাস ভূপেন বৰাৰ ৷ আনহাতে জয়ন্ত মল্ল বৰুৱাৰ চালকেও দুব্যৱহাৰ কৰিলে পাঠশালা আৰক্ষীক ৷